চিত্রলেখা





কেনে আছা সখী ?
আজিও একেই নে
অনিৰুদ্ধলৈ থকা তোমাৰ হেঁপাহ ?
লেখি জুখি, জুখি মাখি
মৰমবোৰক নাম দিলা ত্যাগ !
কি আছিল তাত ?
দিয়াৰ সন্তুষ্টি ?
তাতেই শেষ নে এটা কাহিনীৰ
য’ৰপৰা আৰম্ভ হয় আন এটা কাহিনীৰ ?
তেন্তে চিত্রলেখাৰ কাহিনী ক’ত হেৰাল ?
তাইতো নাছিল অগ্নিগড়ৰ বন্দিনী !
কেতিয়াবা লগ পাইছিলা নেকি মীৰাবাইক ?
সুধিছিলানে বিৰহৰ জ্বালা সহিও
কিদৰে শূন্যতাৰে পূর্ণ হৈছিল ?
তুমি দেখিছিলানে মীৰাৰ কানাইক ?
চাই ৰৈছিলানে গোপনে ঊষাৰ অনিৰুদ্ধক ?
তুমিও জানা, ফাগুন আহিলেই বাউলী হয় ৰাধা !
দুষ্ট কানাই কিজানিবা আহেই
দুগালত ৰং সানিবলে’ !
ৰাধাই নাজানে ফাগুনো যে বৰ দুষ্ট
ধূলি উৰুৱাই দি যায় মাথোঁ সৰাপাত
সেউজীয়াবোৰ যে লিখা আছে আন কাৰোবাৰ নামত !
জানো সখী, মীৰাৰ মাজতেই তোমাৰ স্থিতি
ৰাধাৰ দুখত বাউলী হোৱা তুমি,
দাপোণৰ নো কি প্রয়োজন
তুমিযে পোৱা তোমাক চিনি !
তুমিও আজি মীৰাবাই
যি বুজে, দিয়াতেই প্রেমৰ সন্তুষ্টি
ত্যাগত তৃপ্ত হয় মন
পূর্ণ হয় শূন্যতাৰ প্রাণপাত্র
কোনে চিঙিব পাৰে
যুগ যুগৰ আত্মাৰ বান্ধোন !
তোমাৰ চৌপাশে এতিয়া ভজনৰ মৃদু গুঞ্জন
চিত্রপটত ফাগুনৰ ৰং
তুমি আজি পৰিতৃপ্তিৰে ভৰুণ চিত্রলেখা !




Post a Comment

0 Comments