“সপোন দেখাই ভাল
সপোনে যে নিবিচাৰে
কোনো প্রতিশ্রুতি !”
: ব’লা এটা সপোন
দেখিম !
: ৰঙীন নে ক’লা বগা
?
: নীলা ।
: নাঃ নহ’ব, সপোনটো
হ’ব লাগিব সেউজীয়া ।
: ওঁহো ! গুলপীয়া
।
: নাঃ সেউজীয়া ।
: থিক আছে পানীৰ
দৰে এটা ৰঙীন সপোন দেখিম !
: পানীৰ নো ক’ত ৰং
??
: আছে । আকাশৰ
পানীবোৰ জানো লুকাই নাথাকে ডাৱৰৰ বুকুত ! পানীৰো ৰং তেনেকুৱাই । তোমাৰ ৰঙবোৰ বুলাই
যাবা পানীৰঙী সপোনটোত এটি এটিকৈ । দেখিবা
সপোনটো ৰামধেনু ৰঙী হ’ব ।
: আৰু তুমি ?
: মই ? মই আকাশৰ ডাৱৰৰ
দৰে হ’ম !
“প্রতিশ্রুতিবোৰ
সোঁৱৰণি মাথোঁ
প্রতিশ্রুতি পাহৰি
যোৱাৰ !”
: হেৰুৱাখিনিকহে
কাষত অনুভৱ কৰা হয় কিয় ?
: নাজানো !
: আন্ধাৰৰ বুকুত
জোনাক থাকে জানানে ?
: থাকিব পাৰে, মই
বিচাৰি চোৱা নাই ।
: তুমি হেৰাই গৈছা
লাহে লাহে ।
: মই দেখোন গম পোৱা
নাই !
: আজিকালি তুমি
তোমাৰ কথাবোৰৰ আগত, মৰমবোৰৰ আগত চন্দ্রবিন্দু এটা আঁকি লোৱা !
: ...
: তুমি যে কৈছিলা
সপোন এটা দেখাৰ কথা, মনত আছে ?
: পাহৰিলো ।
তেওঁ আহিলেই হৈ পৰো
এখন চঞ্চল নদী। লিৰিকি বিদাৰি চাওঁ হেৰাই যোৱা সপোনৰ ঠিকনা। আদিম সুৰংগ এটাৰ
মাজেৰে গুচি যাওঁ যাযাবৰী দিঠকত ওলমি ৰোৱা এখন খাজোৰাহুৰ সন্ধানত। বেলি নুডুবে,
ঠেহ পাতে জোনাকে, জোনাকীবোৰ গুচি যায়, তৰাবোৰ সৰি পৰে... ক’ত হেৰায় এখন অৰণ্য ?
আন্ধাৰত ভাঁহি ফুৰে পালতৰা নাৱ... টুলুং ভুটুং । জোনাক মোৰ প্রিয় ।
0 Comments