গল্প নহ’লেও গল্পৰ দৰেই এটা গল্প

দেওবাৰ। সোমবাৰেও বন্ধ। গতিকে এক সপ্তাহৰ ভাগৰ মাৰি পুৱা ১০ বজাত বিচনা এৰিলো। ৰুম চাফা কৰি, নিজকো চাফা কৰি দুপৰীয়াৰ ভাত সাজ দেৰিকৈ খাই বিচনাত উঠিছো। টোপনি মৰাৰ উদ্দেশ্যে নহয়। বিচনাত পৰি কিবাকিবি ভাৱি থকাটো কিবা বিলাসিতাৰ দৰে হৈ পৰিছে মোৰ!

 

বেশ্যাবোৰৰ মৃত্যু সদায় হয় জীয়াই থাকিবৰ বাবে!

ময়ো কিবা অদ্ভুত!

দুখবোৰো বেশ্যা বুলি ভাবো!

আৰু... (ভাবো কিবাকিবি)


সঁচাকৈ!

পাগলামীৰো সীমা থকা উচিত! সীমা বিচাৰি বিচাৰি গৈ আছো পৰিধি বহল কৰি। পুৰণি জেওৰাৰ ওপৰতে নতুন জেওৰা দি আনৰ মাটি অলপ অলপ কৈ দখল কৰি গৈ থকাৰ দৰে।

জেওৰা মোৰ।

সীমাও মোৰেই হ’ব।

মাটি যে মোৰ নহয়!

অস্তিত্বই নাই আৰু পৰিচয় বিচাৰি ফুৰিছো!

ভালেদিন হ’ল মনৰ খেলিমেলি, ভাৱৰ খেলিমেলি, কামৰ খেলিমেলি, খোৱা-শোৱাৰ খেলিমেলি। মুঠতে সকলোবোৰেই খেলিমেলি। মনৰ থান-থিত নোহোৱা হৈছে। তাক ধৰি ৰাখিবলৈকে ইখন কিতাপ মেলি লৈছো, সিখন কিতাপ মেলি লৈছো। ওঁহো, একো লাভ হোৱা নাই। দুখিলা পাত লুটিয়াই অনীহা ওপজিছে। নিমখ নোহোৱা সেৰেকা আঞ্জাৰ দৰে লগা হৈছে কিতাপবোৰো!


কি হ’ব এনেকৈ?

কেনেকৈ হ’ব?

একোৱেই নহ’ব দেখোন!

ক’বলৈ আছে বহুত কথা।

বুজিবলৈ আছে অনেক সাঁথৰ।

কৰিবলৈ আছে বহু জটিল অংক।

সমাধান উলিয়াবলৈ আছে বহু সমীকৰণৰ।

মূৰকত ভাবি থকাৰ বাদে একো নহৈছেগৈ! ভাব হয় মনৰ কথাবোৰ গোপনে ৰাখিব পৰা মানুহবোৰ খুউব নির্দয়ী। আকৌ এবাৰ ভাব হয় আচলতে তেওঁলোক খুউব মৰমীয়াল! আনক ভাগ নিদিয়াকৈ সকলো নিজে সহ্য কৰে। মোৰ মন, ভাৱনাবোৰ নিজৰেই আয়ত্ত্বৰ বাহিৰত কিজানি! মন যোৱা কামবোৰেই কৰো। ভাবো কাৰোবাক সুখী কৰিবলৈ কৰা সকলো কামেই শুদ্ধ। ভাল-বেয়া, শুদ্ধ-অশুদ্ধ যিদৰে সকলোৰে বাবে বেলেগ বেলেগ সত্যও চাগে’ সকলোৰে বাবে একে নহয়। গৈ থাকিও কোনোবাখিনিত ৰৈ ময়ো ভাবো ‘জীৱনৰ সকলো সিদ্ধান্তই শুদ্ধ নহয়। নিজে নিজৰ প্রতিদ্বন্দী হৈ পৰো দেখোন! উসঃ মূৰটো ফাটি থাকিব এনেকৈ!

এনিশা অহাৰ কথা আছিল আজি মোৰ ৰুমত থাকিবলৈ। কথাটো মনলৈ অহাত ভাৱনাবোৰ থেকেচ মাৰি থৈ বিচনাৰপৰা নামি আহিলো। চাৰি বাজি গ’লেই। পাকঘৰত চালো, একোৱেই নাই খাবলৈ। খৰধৰকৈ পাচলি বজাৰলৈ ওলাই যাওঁতে এনিশাক বাটতে পালো। বজাৰখন বেছি দূৰৈত নহয়। ৰুমৰপৰা এক কিল’মিটাৰতকৈ কম। তাইকো লগতে লৈ গৈ পাচলি আৰু মাংস অলপ লৈ আনিলো। ৰুমত আহি দুইজনীয়ে মুখ-হাত ধুলো।

: চাহ খাবিনে ক’ফি? __বেলকনিত গৈ কিবা ভাবি থকা এনিশাক সুধিলো।

: ক’ফিকে দে। বহুদিন খোৱা নাই তোৰ হাতৰে বনোৱা ক’ফি। __হাঁহি হাঁহি ভিতৰলৈ আহি বিচনাতে বহি ক’লে এনিশাই।

: আৰু খবৰ ক’; সোধাই নাই তোক।

: খবৰ বুলি একো নাই। not living, just existing!

 

এনিশাৰ মুখলৈ চালো। ধুনীয়া মুখ খন কিবা বেজাৰত মোলান পৰি আছে। তাই আগতে এনেকৈ কথা কোৱা মনত নপৰে। ভার্ছিটিৰ দিনবোৰত একেলগে একেটা হোষ্টেলত আছিলো। ছাবজেক্ট বেলেগ হ’লেও হোষ্টেলত ৰুম দুটা ওচৰত হোৱা বাবেই দুইজনীয়ে দুইজনীক খুউব ভালকৈ চিনো, বুজি পাওঁ। চাকৰি সূত্রেও এতিয়া দুয়োজনী একেখন চহৰত। ফূর্তিত থকা ছোৱালী তাই। যা তা ধেমালি কৰিব পাৰি তাইৰ লগত। কোনো কথাকে বেয়াকৈ ভাবি গাত পাতি নলয়।

 

সময় দুটাই থাকে।

এটা ভাল লগা আৰু এটা বেয়া লগা!

ভাল লগা সময়ত চবেই ভাল লাগে, আনকি এটা সময়ত বেয়া লগা খিনিও!

বেয়া লগা সময়ত চবেই বেয়া লাগে, ভাল লগা সময়ত ভাল লগা খিনিও!

বাকী সময়খিনি এই ভাললগাৰ পৰা বেয়া লগালৈ, বেয়ালগাৰ পৰা ভাল লগালৈ আহ-যাহ হে মাথোঁ!


নিয়ম মাফিক কচৰৎ__ নিজক বিচৰাৰ, নিজক হেৰুৱাৰ! বিচাৰি পাই আকৌ হেৰুৱাৰ, হেৰুৱাই আকৌ বিচাৰি পোৱাৰ মজা জুৱাখেলৰ দৰেই! উন্মাদনা! হেৰুৱালে হাৰি গ’লো! পালে জিকিলো!

 

(জিকাৰ আশাত হাৰি হাৰি গৈ থকা!) জিকিলেও কিবা অলপ তো হেৰুওৱা হয়েই!! হাৰিলো নে জিকিলো বাৰু?

 

অলেখ প্রশ্ন!

কোনে দিব উত্তৰ!

ক’ত পাম সমিধান!

বিচাৰিলেই জানো পায়?

নাপায় বুলিয়েই জানো বিচাৰি নাচাম এবাৰ?

 

উত্তৰ এটা বিচাৰি ফুৰোতে এটাৰ পাছত এটাকৈ প্রশ্নহে লানি পাতি আহে! প্রশ্নবোধকৰ এটা দীঘলীয়া সমদ’ল! অথচ গৈ আছে ক’লৈ তাঁহাতি নাজানে! গৈ থকাৰ শেষ হ’বনে নাই তাকো জনাৰ উপায় নাই! কল্পনা আচলতে বাস্তৱ বিবর্যিত নে সপোন সর্বস্ব? যিয়েই নহওঁক, আচলতে সকলো আপেক্ষিক।

 

 

উসঃ!

মগজুত বেবেৰিবাং চিন্তাৰ ঘূৰপাক!

ইটোৰ পিছত সিটো!

ইটোৱে নাজানে সিটোৰ কথা!

সিটোৱে নাজানে ইটোৰ কথা!

 

ক’ত কেতিয়া কিমানটা পাক খায় চিন্তাবোৰ জঁট লাগিবলৈ আৰম্ভ কৰে তাৰ উমান পোৱা নাযায়! আঁত হেৰাই যোৱা ঊল-সূতাৰ গোলটোৰ দৰে। আঁত বিচাৰিবলৈ গ’লে বেছিকৈ জোঁটপোট লাগে!

 

এনিশা!

তাইৰ বাৰু এতিয়া বেয়া সময় নেকি?

সুধিবলৈ হত নগ’ল মোৰ।

 

ধনী দেউতাকৰ একমাত্র ছোৱালী। কোনো বস্তুৰে অভাৱ নাই। অথচ অভাৱ কি হৃদয়ঙ্গম কৰিব পাৰে। ভেম নাই দেউতাকৰ টকা-পইচাক লৈ। নিজৰ ভৰিৰ ওপৰত নিজে ঠিয় দি স্বাৱলম্বী এতিয়া। অহং ভাব মুঠেও নাই। সকলোৱে ভালপোৱা এজনী ফূর্তিবাজ মৰমীয়াল ছোৱালী। মোৰ বাদে খুউব কম বন্ধুৱেহে জানে তাই যে কিমান মৰম আকলুৱা ছোৱালী। সৰুৰেপৰা ব’র্ডিং স্কুলত থাকি পঢ়া। ঘৰৰপৰা বাহিৰে বাহিৰে থাকিয়েই ডাঙৰ হ’ল তাই। চাকৰিয়াল মাক দেউতাকে টকা পইচাৰ অভাৱ হ’ব নিদিলেও তাই বিচৰাৰ দৰে সময় দিব নোৱাৰিলে হয়তো। যিটোৱে তাই আৰু তেওঁলোকৰ মাজত অলপ হলেও ব্যৱধান আনি দিলে। তাই কিজানি মৰমৰ অভাৱ বৰকৈ অনুভৱ কৰে। আমাৰ ঘৰলৈ গ’লে মা’ৰ পিছে পিছে ঘূৰি ফুৰে। বাৰীৰ খুটুৰা বুটলে। পথাৰলৈ যায়। ভাইটিৰ সৈতে পুখুৰীত মাছ ধৰে। দেউতাৰ গালত টুপুক কৈ চুমা এটা খায় দিয়ে। মুঠতে মোতকৈয়ো তাইলৈহে হেঁপাহ বেছি ঘৰৰ মানুহকেইটাৰ। তাইৰো। সময় সুবিধা পালেই আমাৰ ঘৰলৈ যায়। মোৰো ভাল লাগে তাইৰ সৰু ছোৱালীৰ দৰে নিষ্পাপ হাঁহিভৰা মুখখন দেখি।

সম্পর্কবোৰ আচলতে define কৰিব নোৱাৰি। কোন, কেতিয়া, ক’ত, কেনেকৈ আপোনৰো আপোন হৈ পৰে ক’বই নোৱাৰি। একেদৰে কেতিয়া হেৰাই যায়, কিয় হেৰাই যায় সেয়াও অনুমান কৰিব নোৱাৰি!

 

বিষণ্ণ সূৰুজ

ৰ’দজাকে মেলানি মাগে

নিয়ন লাইটে প্রলুব্ধ কৰা পৃথিৱী

বিচিত্র একাকীত্ব

কাৰণবিহীন নহয়।

কাগজৰ পাতত বন্দী জীৱন!

 

: কি নো ভাবি আছ’ এইজনী।__ মোক মন মনে থকা দেখি এনিশাই পিঠিতে ঢকা এটা দি চিঞৰিলে।

: ভবাৰ বাদে জানো মোৰ কিবা কাম আছে?__ মোৰ কথাত দুয়োজনীয়ে হাঁহিলো।

: তোৰ কৰিবলগীয়া কাম আছিল নেকি ঔ? মই আহি দিগদাৰী দিয়া নাই তো তোক?

: ধেইত এইজনী! কি অদৰকাৰী কথাবোৰ কৈছ’ আজি?

: দৰকাৰী তো একো নহয় দার্লিং! ময়ো যে এটা অদৰকাৰী বস্তু!

: অদৰকাৰী একোৱেই নহয় চুইট হার্ট। সকলোৰে ক’ৰবাত নহয় ক’ৰবাত দৰকাৰ আছেই। জ্বলাই পেলোৱা জুইশলাৰ কাঠিটোৱেও জানো দাঁত নুখুচৰে ভাত খাই উঠি? হিঃ হিঃ হিঃ।

__কথাৰ লগতে পৰিবেশটোকো পাতল কৰিবলৈকে মই তেনেকৈ ক’লো। এনিশা কিন্তু গহীন হৈয়েই থাকিল। মুখখন হঁহাৰ দৰে কৰি দীঘলকৈ হুমুনিয়াহ এটা এৰিলে।

: তই যে কোনোবা এটা গল্প নে কবিতাত লিখিছিলি ‘প্রেম জীৱনৰ নির্ভুল উত্তৰ’! কিয় লিখিছিলি বাৰু? মোৰ মানি ল’বলৈ মন নাযায় কথাষাৰ। মোৰ মতে জীৱনৰ উত্তৰ এটাই ‘মৃত্যু’।

: তই মোৰ সেই জাৱৰ সোপা পঢ়’ নেকি?

: আৰে দোষ্টি! তেনেকে নক’বি। বহুত কথা বুজি নাপালেও পঢ়ো মই। বুজি নোপোৱাকৈ পঢ়িলেও জাৱৰ যেন নালাগে দেই সেইবোৰ। লিখিবি, লিখি থাকিবি। মোৰ কথাবোৰো লিখিবিচোন কেতিয়াবা।

: মৃত্যুয়েই চৰম সত্য! কিন্তু সেইয়া জীৱনৰ উত্তৰ নহয়। ভালপোৱাই হ’ল জীৱনৰ উত্তৰ যাৰ বাবে আমি জীয়াই থাকো।

: আৰু আমাৰ দায়িত্ববোৰ?

: দায়িত্ববোৰো জানো কাৰোবাৰ প্রতি আমাৰ ভালপোৱাই নহয়?

: তই ভালপোৱাৰ বাদে আৰু কি চিনি পালি! তয়ো বৰ আচৰিত প্রাণী! মাথো মুখত ভালপোৱাৰ নাম!

: ৰহচোন, মুখ বিকটাইছ’ কেলেই? মৃত্যু হ’ল জীৱনৰ শেষ আশ্রয়। তাৰ ঠিকনা তই যেতিয়ালৈকে নাপাৱ তেতিয়ালৈকে জীৱনক ভাল পা আৰু জীয়াই থাক। তই মোক ভাল নাপাৱ নেকি?

: হাঃ হাঃ হাঃ... তোক ভালপাওঁ বাবেইতো তোৰ মূৰটো খাবলৈ আহোঁ মাজে মাজে।__ হাঁহি হাঁহি এনিশাই চিগাৰেট এটা জ্বলাই ল’লে। মই আচৰিত হ’লো! তাইৰ নিশ্চয়কৈ কিবা এটা হৈছে।

: আৰে তই কেতিয়াৰপৰা এইটোত ধৰিলি? পেলা বুলিছো, এতিয়াই পেলা।__ মই খঙেৰেই কৈ উঠিলো তাইক।

: ৰহ ৰহ, খং নকৰিবি। কি নো আনে নকৰা কাম কৰিছো। হুঁ ল’ তয়ো এসোহা টানি চা। __ তাই চিগাৰেটটো মোলৈ আগবঢ়াই দিলে। মই মুখখন কোচাই আতৰি আহিলো।

: ধেমালি কৰিছো ৰে! নালাগে খাব। ভাল ছোৱালী তই।

: তোক নো কোনে কৈছে তই বেয়া ছোৱালী বুলি?!

: মই কৈছো।

: মূৰটো গৈছে তোৰ।

: হাঃ হাঃ হাঃ... ক’ত গৈছে? চা চা এইটো ডিঙিতে লাগি আছে। __ নিজৰ ডিঙিটো দেখুৱাই তাই হাঁহি দিলে জোৰকৈ।

: সেই এইজনী। ধেমালি ধেমালিতে চব সামৰি নথ’বি।

: তই বৰ ভাল ছোৱালী অ’।

: একেটা কথাকে কৈ নাথাক। তোক নো কোনে কৈছে যে তই বেয়া?

: হুঁ। জাননে তোৰ দৰে ছোৱালীক ল’ৰাই ঘৰ শুৱনি কৰিবলৈ বিচাৰে।

: আৰু তোৰ দৰে ধুনীয়া ছোৱালীক?

: হাঃ হাঃ হাঃ; ধুনীয়া! কি এটা বিশেষণ! মোৰ দৰে ছোৱালীক বিচনা শুৱনি কৰিবলৈ বিচাৰে, ক্ষন্তেকীয়া!

: হ’ল বুলি যা তা বকি নাথাক’ কিন্তু কৈ দিছো দেই।

: আৰে সঁচা কথা ন’; মই ধুনীয়া, হ’ট, চেক্সি! ইন চর্ট মই X-factor থকা ছোৱালী। দৰকাৰত একেলগে বহি মদ খাব পাৰো, চিগাৰেট হুপিব পাৰো। আনৰ কথাত ইমান কেয়াৰ নকৰো। মোৰ দৰে ছোৱালী এজনীক ঘৰলৈ নি কোনে চিনাকী কৰি দিব খুজিব ক? মোৰ প্রয়োজন বিচনাতে শেষ।

 

“In the maze of the brain

Things get twisted into knots

 If only the heart had a tongue

There is so much to talk about

Now condemned by life

I have turned into stone.”

 

তোৰেই কবিতা। কেনেকুৱা লাগিল? 

: হাৰে মোৰেই মনত নাই! তোৰ দেখোন জিভাৰ আগত।

: মাই দিয়েৰ, এনেয়ে কোৱা নাই তো তোক ভাল পাওঁ বুলি!__ হাঁহি হাঁহি তাই মোৰ গালখনতে চিকুটি দিলে।


এইজনী এনিশা! এনিশা মানেই আছিল হাহি-ফূর্তিৰ ফোৱাৰা। তাইৰ লগত থাকিলে কোনেও নহঁহাকে থাকিব নোৱাৰে। কিন্তু এইজনী যেন বেলেগ এজনী এনিশা! মোৰ একেবাৰে অচিনাকী! যি শিল হোৱাৰ কথা কৈছে! কি হৈছে তাইৰ? মই যদি সোধো ক’বনে বাৰু তাই? নে মই নোসোধাকৈয়ে ক’ব? হয়তো তাই আজি ক’ম বুলিয়েই আহিছে।

আমি মানুহবোৰ এনেকুৱাই কিজানি।

বুকুত গধুৰ শিল এচটা লৈ ঘুৰি ফুৰো।

বিচাৰি ফুৰো ঠাই, ক’ত খহাই থ’ব পাৰিম বুকুৰ এই বোজা।


: জাননে, তই বহুত ধুনীয়া নহয়। সেইবুলি আপচুও নহয়। কিন্তু তই ঘৰ ধৰা ছোৱালী। অন্তৰখন ধুনীয়া তোৰ। তোৰ কামবোৰ চিজিল। কথাবোৰো গহীন। হেণ্ডচ’ম নহ’লেও ভাল ল’ৰা এটা পাই যাবি তই। কোনে কেতিয়া কৈছিল জানো পাহৰিলো “দেখাত ধুনীয়া মানুহৰ ধুনীয়া হোৱাটোৱেই প্লাচ পইণ্ট। যি ধুনীয়া নহয় তেনে লোকৰ এনেকুৱা এটা প্লাচ পইণ্ট থাকে যি ধুনীয়া নোহোৱা কথাটোক তল পেলাই থয় আৰু সেইটোৱেই সেইজনৰ জনপ্রিয়তাৰ কাৰণ হৈ পৰে।” কোনোবাই ভাল গান গায়, কোনোবাই বহুত ভাল কাম কিবা কৰি আছে, কাৰোবাৰ আচাৰ-ব্যৱহাৰ খুউব সুন্দৰ... ইত্যাদি ইত্যাদি।

: হুমম... তই আচলতে এইবোৰ ক’ব খোজা নাই। আন কিবাহে ক’ম ক’ম বুলি ভাবি আছ’।

: এৰা অ’... তই ঠিকেই কৈছ’; তই কচোন কিহৰ আশাত ৰৈ আছ’ তই আজিও? ‘অন্তহীন’ বুলি এখন বাঙালী চিনেমা আছে। চাইছ’ নেকি তই? তোক কেতিয়াবা সেই চিনেমাখনৰ শর্মিলা ঠাকুৰে কৰা চৰিত্রটো যেন লাগে মোৰ!

: মানে? নাই চোৱা মই! ক’চোন কাহিনীটো।

: মনত নাই ৰে! মাত্র ইয়াকে মনত আছে যে এদিন শর্মিলা ঠাকুৰৰ ঘৰৰ টেলিফোনটোত এবাৰ অচিনাকী মানুহ এজনে ফোন কৰে। মানে ৰং নাম্বাৰ! সেইদিনাই আৰম্ভণি। মাজে মাজে মানুহজনে ফোন কৰি শর্মিলা ঠাকুৰৰ লগত কথা পাতে আৰু দুয়োৰে মাজত তেনেকৈয় প্রেম হয়। এদিন ফোন নহা হয়... আৰু তাই বিয়া নোহোৱাকৈ ৰৈ থাকে, ৰৈ থাকে... ৰৈয়েই থাকে ফোনটো ৰিং হোৱালৈ! তয়ো চাল্ল্যা একেই। ম’বাইল, ইন্টাৰনেট, স্কাইপিৰ দিন’টো চিঠি লিখ’; এদিনো লগ নোপোৱাকৈ বছৰ বছৰ এটা মানুহক ভালপায় আছ’! পেন্দুকনাবোৰে লিভিং টুগেদাৰ কৰি থকাৰ দিনত তই প্লেট’নিক লাভ নে কি সেইটোত মচগুল! আচৰিত! তই তো মিউজিয়ামত ৰাখিব লগা জিনিচ ৰে! হাঃ হাঃ হাঃ।

নিজৰ কথাৰ নিজেই ৰস আস্বাদন কৰি তাই হাঁহি থাকিল।

ময়ো হাঁহিলো।

আৰু ভাবি থাকিলো ইয়াৰ পিছত তাই কি ক’ব!

: বুজিছ’ মই ফেমিনিষ্ট একদম নহয়। নাৰী নাৰীয়েই, পুৰুষ পুৰুষেই! নিজৰ ভুলৰ ভাৰ আনৰ মূৰত জাপি দি লাভ নাই। নাৰীয়েই নাৰীৰ শত্রু বহু ক্ষেত্রত। অৱশ্যে পুৰুষে দিয়া অপবাদ ‘নাৰীক কোনেও বুজি নাপায়’ সেইটোও মই মানি ল’বলৈ টান পাওঁ। আমি মাইকী মানুহবোৰ ইমান জটিল নে? নে পুৰুষ জাতিটোৱে কেতিয়াওঁ চেষ্টাই নকৰে বুজি চাবলৈ আৰু সুৰতে সুৰ মিলাই কৈ দিয়ে নাৰীৰ মন দেৱতায়ো নুবুজে বুলি? তই তোৰ মা’ক কিমান জান’ নাজানো। কিন্তু মই দেখিছো, দেউতাক কেতিয়া কি বস্তুৰ প্রয়োজন তেওঁ নক’লেও জানে। ৰাতিপুৱা দুয়োজনে যে একেলগে বহি চাহ খায় খায় বাতৰিকাকত পঢ়ে! মোৰ বৰ মৰম লাগি যায় জান’।

: কিয় তোৰ মা’লৈ তোৰ মৰম নালাগে নেকি?

__ কথাষাৰ কৈ হে মোৰ মনলৈ আহিল যে মই সাংঘাটিক কথা এটা কৈ দিলো, যি টো ক’ব নালাগিছিল!

: মৰম, ভালপোৱা, ভাল লগা, সন্মান... এইবোৰ চব বেলেগ বুজিছ। ভালপাওঁ, যিহেতু মই তেওঁলোকৰেই সন্তান। মাক-বাপেকৰ ওচৰত আমিবোৰ চবেই ঋণী নহয় জানো! এই ঋণ সুজিব নোৱাৰি। কিন্তু সন্মান! ওঁহো, সন্মান কৰিব নোৱাৰো মই তেওঁলোকক।

__ মই ভাবিছিলো তাই মোৰ কথা শুনি খং কৰিব। নকৰিলে। শান্ত ভাৱেই তাই কথাকেইটা ক’লে

: তই ভাবিছিলি চাগে’ মই খং কৰিম। খং কৰি কি হ’ব ক’? চব সহজ ভাৱেই মানি লৈছো এতিয়া। কাৰো প্রতি আক্ষেপ নাই। চবেই নিজৰ নিজৰ জীৱন জীয়াইছে। মা-দেউতাৰো বয়স হৈছে। আগৰ সেই ক্লাব, পার্টি, এক্সট্রা মেৰিটেল এফেয়াৰ এইবোৰ নাই এতিয়া। দাইভ’র্চ দিব নোৱাৰিলে ইজনে সিজনক। কি বা মায়া উপজিল নাজানো! এটা সময় আছিল কেৱল বিচনাত হে লগ হৈছিল দেহৰ প্রয়োজনত! কোনো মানুহেই তো নিবিচাৰে নিজৰ মানুহজনী আনৰ আগত নাঙঠ হোৱাটো। মানুহজনীয়েও জানো বিচাৰে নিজৰ মনৰ মানুহটোক আন কাৰোবাৰ বাহু বন্ধনত! হুহ! এতিয়া সেই প্রয়োজন শেষ! বুঢ়া বয়সত কথা পাতিবলৈকো লগ এটা লাগে তো। আচৰিত হওঁ মই জান’; মা দেউতাৰ তো প্রেম বিবাহেই হৈছিল। তেন্তে কি প্রয়োজনত, কি অভাৱত পৰি দুয়ো আন কাৰোবাৰ ওচৰলৈ যাব লগা হৈছিল? দেউতাই এনে কি দিয়া নাছিল? মা’য়েই নো এনে কি পোৱা নাছিল? সঁচাকৈ আমি মানুহ বোলা প্রাণীবিধ এক আশ্বর্য্যকৰ জীৱ!


এইবোৰ পুৰণি কথা অ’ যিবোৰ তই জানই। মই মোৰ আজিৰ কথাবোৰ তোক কৈ হে মনটো মুকলি কৰিবলৈ আহিছো আজি। শুনিবিনে তই?

: কিয় নুশুনিম নো? তই ক’বি আৰু মই নুশুনিম সেইটো কেনেকুৱা কথা। জানই দেখোন মই কিমান ভাল শ্রোতা।

: হৈছে হৈছে! নিজৰখিনি তো পেটটোতে ভৰাই থৱ! কি কি আছে তাত তোৰ বাদে চাগে’ কোনেও কেতিয়াওঁ নাজানিব।

: হাৰে একো নাই! কি থাকিব! তই জানই মোৰ কথা।

: আই ঐ দেহি! ১০ ভাগৰ এভাগ হে কৱ তই। তোক জানিবৰ বাকী নাই মোৰ।

: হাঃ হাঃ হাঃ... ঠিক আছে বাৰু ক’ম এদিন। এতিয়া তোৰখিনি কৈ ল’ চোন। দুয়োজনীয়ে সমানে ক’লে কোনে কাৰ কথা শুনিব? কাউৰী বুলিব ওচৰৰ মানুহে!

: হাঃ হাঃ হাঃ । হয়তো।

এনিশাই চকুকেইটা হাঁহি থাকিয়েই মচি ল’লে। চকুত বিৰিঙি থকা পানীকণ মই ঠিকেই দেখিলো।

কিমান কষ্টত আছে বাৰু তাই?

 

তাইক মৰমেৰে আকোৱালি ল’বলৈ মন গ’ল মোৰ।

ভয়ো লাগিল।

জানোচা তাই পুতৌ কৰা বুলি ভাবে!

পুতৌক কোনেও পচন্দ নকৰে।

ময়ো নকৰো।


: তইতো জানই আৰুণি আৰু মোৰ কথা।

: ওঁ

জানো মই। তাই পাগলৰ দৰে ভালপায় আৰুণিক। দুয়োটা একেলগে পঢ়িছিল ভার্চিটিত।

: এইটো হয়তো নাজান’ যে আমাৰ মাজত physical relationship আছে।

মই আচৰিত নহ’লো। আজিৰ দিনত সেইটো ইমান নহ’বলগীয়া/ নকৰিবলগীয়া কিবা নহয়। কিন্তু তাইক কিহে দুখী কৰিছে সেইটোহে মই এতিয়াওঁ বুজি পোৱা নাই।

: সেইটো নো কি ডাঙৰ কথা!

: ওঁ সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ’ল আৰুণিয়ে আচলতে কি বিচাৰে মই নাজানো। জানো সি মোক ভাল নাপায়। ময়ো তাৰ সতে’ ঘৰ এখন পতাৰ সপোন দেখা নাই। কাৰণ সেইয়া মোৰ প্রাপ্য নহয়। সি ভাল ল’ৰা। ভাল ছোৱালী এজনীৰ সতে’ সংসাৰ কৰাৰ দস্তুৰমত অধিকাৰ আছে তাৰ।

: ভাল নাপালেনো সি তোৰ ইমান ওচৰলৈ কিয় আহিব? 

: সেইটো কথাই তো মোক দোষী কৰিছে ইমান দিন। মাত্র মই বিচাৰো বাবেই সি আহে। মই বিচৰাখিনি সি দিব বিচাৰে।

: তেন্তে তই নো নিজকে দোষী বুলি কিয় ভাবিছ’?

মই নিবিচাৰিলেও আনে বেয়া পোৱা মোৰ প্রশ্ন সুধি থকা স্বভাৱৰ বাবেই তাইকো সুধি থাকিলো কথাবোৰ।

: ভাল নোপোৱাকৈ কোনোবা কেনেকৈ কাৰোবাৰ বিচনাৰ সংগী হ’ব পাৰে ক’? তয়ে তো লিখিছিলি ক’ৰবাত যে ভাল নোপোৱাকৈ ছোৱালীয়ে নিজক এৰি দিব নোৱাৰে কিন্তু ল’ৰাই পাৰে! আৰুণিও তো ল’ৰা। সি মোক ভাল নাপায়।

স্পর্শই বহুত কথা কয় অ’; মোৰ ভাব হয় সেই আদিম ৫ মিনিটৰ উত্তেজনাৰ পিছত মোৰ সামান্য স্পর্শও সি নিবিচাৰে। মোক মৰমেৰে কেতিয়াওঁ আকোৱালি লোৱা নাই সি। হৃদয়ৰ আকুলতাৰে চুমা এটা খোৱা নাই। সি তো মোৰ ওচৰলৈ আহিবলৈ বাধ্য নহয়! তেন্তে? মই জানো তাক যোৰ কৰা নাই? সি নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈ জানো মনোকষ্ট পোৱা নাই? সি কিয় এৰি দিছে নিজক মোৰ ওচৰত? মাত্র মোক সুখী কৰিবলৈকে? মই দোষী নহ’লোনে তাৰ ওচৰত? অপৰাধী নহয় নে মই? পাপ পূণ্যৰ হিচাপ নাৰাখিলেও এইয়া জানো পাপ নহয়? কাৰোবাৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰোৱাটো জানো ভুল নহয়?

মোৰ ইমান সাহস নাই যে তাক গালি পাৰি মোৰ ওচৰৰপৰা খেদাই দিম। ডিঙিলৈকে তাৰ ধাৰত পোত গৈ আছো মই। ১০-১২ বছৰে তাৰ বন্ধুত্বৰ সবল হাতখনে ধৰি আছে বাবেই মই সকলো পৰিস্থিতত থিয় দি থাকিব পাৰিছো।

কেতিয়াবা কাগজত আঁচ টানি মঙল চাওঁ মোক সি ভাল পায় নে নাপায়! সদায় নাপায় টোৱেই ওলায়। অঁকৰাৰ দৰে হাঁহো তেতিয়া। নিজলৈকে পুতৌ ওপজে মোৰ। ভাব হয় আৰুণিক যেন মই বান্ধি থৈছো। তাৰ হ’বলগীয়া কামবোৰ নহ’লে মোৰ নিজকেই তাৰ বেদ্ লাক্ যেন লাগে। ভগৱান নামৰ মূর্তিটোৰ আগত তেতিয়া মই নাস্তিকে উবুৰি খায় পৰো। মই বিচৰাৰ দৰে তাক ভাল পাবও নোৱাৰো। বেয়া পাই খেদাই দিবও নোৱাৰো! কেতিয়াবা ভাবো আত্মহত্যা কৰো। সেইটো কৰিবলৈও মোৰ সাহস নাই। পিছত মোৰ যি হয় হৈ থাকিব। ভৱিষ্যতক লৈ মোৰ প্লেন প্র’গেম একো নাই। মাত্র বিচাৰো আৰুণিৰ ভাল হওঁক। সি বিচৰাৰ দৰে সুখী হওঁক। কি কৰো মই ক’?

 

এইজনী এনিশা মোৰ অচিনাকী।

বহু ছোৱালীয়ে সুবিধা পালেই ল’ৰাৰ দোষ গায়।

আৰু এইজনীয়ে আৰুণিক পূজা কৰে ভগৱানৰ দৰে!

তাইক কি ক’ম মই ভাবি পোৱা নাই।

মোৰ খেলি-মেলি মনটো যেন তাই বেছিকৈয়ে খেলি-মেলি লগায় দিলে।

কিছুমান কথাৰ উত্তৰ তাইৰ কথাবোৰেই দিলে মোক।

মোৰ প্রশ্নবোৰৰ সৈতে আৰু এখিনি নতুন প্রশ্নও নতুনকৈ যোগ কৰি দিলে।

চিন্তাবোৰত নতুনকৈ দুটামান পাক লাগিল।

 

মোৰ মূৰত তো পাগলামীৰ পোক। প্রেম ভালপোৱাৰ বাদে আন কথা মগজুৰ চালনিৰে সৰকি নাযায়! চিনেমাৰ দৰে ময়ো ভাবো__ “তেৰে দিল ম্যেঁ মেৰে চাচৌ কো পনাহ মিল যায়ে, তেৰে ইচ্ক ম্যেঁ মেৰে জাঁ ফানা হ’ যায়ে!”

কম্বলেৰে মূৰটো ঢাকি শব্দহীনভাৱে এনিশা উচুপি আছে। উচুপি থকা এনিশাক চাই চাই মই ভাবি থাকিলো এমাহমানৰপৰা যে মই চিঠি লিখা প্রেমিকৰ লগত ফোনত কথা পাতিবলৈ লৈছো সেইটো কথা তাইক ক’ম নে নক’ম। কেতিয়াবা ফোনৰ সিটো পাৰে থাকি তেওঁ যে মোক সুধে কি পিন্ধি আছা বুলি সেইটো তাইক ক’ম নে নক’ম! কথাষাৰে যে ফোনৰ এইটো পাৰে থকা মইজনীক অস্বস্তিত পেলাই সেই কথাটোনো তাইক ক’ম নে নক’ম!

এনিশাৰ মাকেও বাৰু তাইৰ দৰেই মাথো মৰমৰ চুমা এটা, বুকুৰ মৰমীয়াল উত্তাপ অকনমানৰ বাবেই দেউতাকক এৰি বেলেগৰ কাষ পাইছিল নে? দেউতাকেও বাৰু মাত্র সেই কথাটোকে বুজিবলৈ চেষ্টা কৰা নাছিল নে? এখিনি নতুন প্রশ্ন আৰু এনিশাক মই ক’বলগীয়া কথাবোৰৰ হিচাপ এটা কৰি ময়ো কম্বলৰ তলত সোমাই কঁপি থকা এনিশাৰ গাটো সাৱটি থাকিলো। ময়ো যেন কিবা হেৰুৱাম তেনে এটা আশংকাই বুকুত ঘৰ পাতিলে নতুনকৈ। পাকঘৰলৈ গৈ আৰু কুকুৰা মাংসৰ জুতি লগা আঞ্জা ৰন্ধা নহ’ল। জানো, এতিয়া কান্দি থকা এইজনী এনিশায়েই কালিলৈ বীটলচ্ ৰ গানত মাইকেল জেকচনৰ মুন ডাঞ্চ কৰি কৰি পাকঘৰত ব্যস্ত থাকিব। বুজা নুবুজা সকলোবোৰ কথা মনতে সামৰি শুবলৈ চেষ্টা কৰিলো। পুৱাটো যেন সোনকালেই হয়।

 

 

https://www.facebook.com/groups/axomiyakothabotora/permalink/635843896468110/

 

Post a Comment

0 Comments