জীৱন... গজলৰ দৰে


(১)

“জব ক’ই বাত বিগৰ যায়ে জব ক’ই মুস্কিল পৰ যায়ে, তুম দে না সাথ মেৰা অ’ হ’মনাৱা...”

এনেকৈয়ো কেতিয়াবা মন যায় দিয়কচোন। গিটাৰ এখন লৈ এইদৰে গুণগুণাম আৰু কোনোবাই শুনিব! সপোনবোৰৰেই ভাল। নহয়নে? স্বাধীন। অবাধ বিচৰণ সকলোতে!

জীৱনবোৰ একো একোটা চুটি গল্প! নিয়ম নমনা চুটি গল্প! জীৱনৰ কাষত স্বাধীন সপোনবোৰ থাকে বাবেই চাগে’ জীৱনে নিয়ম নমনাৰ সাহস কৰে! হ’ব পাৰে! হঠাতে তো শেষ হয় এই গল্পবোৰ! ভাবোঁ কেতিয়াবা মোৰো জীৱনটো হওঁক এটা ধুনীয়া, ভাললগা চুটি গল্প। আচলতে বিচাৰোঁ মোৰ মৃত্যু সুন্দৰ হওঁক!

“অপনে গম কো গীত বনাকৰ গা লে না...”

সঁচাকৈ বিষাদৰ ৰঙবোৰো কেতিয়াবা খুবেই ৰঙীন যেন লাগে! সোণাৰুৰ দৰে, কৃষ্ণচূড়াৰ দৰে। ৰঙবোৰ লগতেই থাকে; মোৰ দৰে, আপোনাৰ দৰে, জীৱনৰ দৰে! মন গ’লেই ৰঙবোৰ লগাই ল’ব নোৱাৰি, মচিবও নোৱাৰি। মন কৰিলে লগাই ল’ব পাৰি তো? বৰষুণৰ পিছতো যদি আকাশে সাতোৰঙেৰে ফাকু খেলিব পাৰে, সেইয়া আকাশৰেই অহংকাৰ দিয়কচোন! আমিহে আকাশৰ সীমা বিচৰাৰ ধৃষ্টতা কৰোঁ!

“জিন জখম কো ৱক্ত ভৰ চলা হ্যেঁ, তুম কিঁউ উনহে চ্যেৰ যা ৰহে হৌ...”

উভতি যদি বৈ গ’ল হেঁতেন সময়ৰ নদী! সকলো আঘাতৰ দৰব বোলে সময়ে দিয়ে! হাতৰ ৰেখাবোৰো চাগে’ সময়েই গভীৰ কৰে। হাতৰ মুঠিত সময়!! কপালৰ ৰেখাত জীৱনৰ গতি! জীৱন জানো সৰলৰৈখিক

পোন এটা আলিবাট? যদি ঘূৰণীয়া বৃত্ত! কেন্দ্র জানো একেটাই? আমি ভাবোঁ নির্দিষ্ট বৃত্ত এটাৰ কেন্দ্র মই, কেৱল মই। ওঁহো! সেইয়া আমাৰ ভ্রান্ত একো একোটা ধাৰণাহে মাথোঁ। প্রায়বোৰ ধাৰণা ভুলেই হয় সদায়! বৃত্তৰ পৰিধিৰপৰা ওলাই গ’লে অনুমান কৰিব পাৰি নিজৰ স্থিতি, অৱস্থিতি। অনুমান কৰিব পাৰিলেই আমিবোৰ পাকৈত হৈ পৰোঁ ত্রিভুজ অঁকাত! কিম্বা চতুর্ভুজ, বর্গ, ঘনক, ট্রেপিজিয়াম... আদি ইত্যাদি। আৰু সমকোণী ত্রিভুজৰ সমকোণৰপৰা ত্রিভুজৰ বাহিৰলৈ দীঘল ৰেখা এদাল টানি নিজৰ অৱস্থিতি জাহিৰ কৰোঁ__ মই এটা বহিঃকোণ!

“কঁহি কঁহি চে হৰ চেহেৰা তুম জেইছা লগতা হ্যে...”

... টেলিফোনৰ তাঁৰেৰে বৈ আহিব ক’ৰবাৰপৰা এমুঠি প্রেম অভিমানী উচুপনি হৈ আৰু ৰিচিভাৰৰ আনটো মূৰত এটা আদৰুৱা চুমা! ডাৱৰ চাম, তৰা গণিম। হাতীপটিৰে উজাই গৈ সপ্তর্ষিমণ্ডল ঘুৰি আহিম... আৰু কাৰোবাৰ ঘন চুলিৰ আন্ধাৰত নিজকে হেৰুৱাম!...

ভাবিব পাৰিনে এনেকৈ ৰোমাণ্টিক যেন লগা কিবা এটা? এদিনৰ বাবে দৈনন্দিনৰ ৰুটিনখন পাহৰি আবেলি এটা পাৰ কৰিব পাৰিনে নিজৰ স’তে? একান্তই নিজৰ স’তে! হৃদয়ৰ কুঠৰীত আত্মগোপন কৰি থকা ‘মই’টোক উলিয়াই আনি এবাৰ চুই চাব পাৰিনে?

গৰম পৰিছে ভালকৈয়ে! বিয়েৰ বটলৰ সাঁফৰ খুলি আত্মালাপত মচগুল মই! এহাতে এটা চিগাৰেট! আত্মালাপ মানেই অতীত বিচৰণ! বহুদিন নেদেখা কোনোবা এযুৰি চকুৰ সন্ধান! পাহৰিও নাপাহৰা, নিবিচাৰিও বিচাৰি ফুৰা সুগন্ধিৰ দৰে কিবা এটা... পলাই ফুৰিলেও নিজক ক’ৰবাত কেতিয়াবা এনেদৰেই লগ পাই যোৱা হয়! এতিয়া যদি এবাৰ কৈ উঠিলা হয় “নাখাবাচোন এই ধোঁৱাবোৰ!”

আসঃ!... প্রেম জানো আমাৰ স্থাৱৰ সম্পত্তি? ই তো পখিলাৰ দৰে। বুজোঁ মই!

“তুমহাৰে সাথ ভি তনহা হুঁ তুম না চমঝ’গে”

বেলকনিত বহিছোঁ চকীখনত হেলান দি। চকীখন মোৰ অবিহনে খুবেই অকলশৰীয়া! পূর্ণিমাৰ গাভৰু জোন। নাৰিকলজোপাৰ পাতবোৰৰ ঠিক মাজতে ৰৈছে ক্ষন্তেক! ফিৰফিৰীয়া বতাহ এছাটি ব’লি আছে। বতাহছাটিয়ে যেন কঢ়িয়াই আনিছে ৰিম ঝিম নিচাৰ কিবা অচিনাকী ৰাগী! এই ৰাগীয়েই যেন খুলি দিছে যুগৰ বন্ধ হৃদয়ৰ কপাট আৰু অতদিনে অকামিলা হৈ থকা মগজুৰ ৰন্ধ্র কিছুমান! কিমান দিন হ’ল মই মোৰ স’তে মুখামুখিকৈ নব’হা?

কেনে আছা তুমি? মোৰ অবিহনে কিমান সুখী? নতুবা দুখী নেকি তুমি মোৰ অবিহনে? কিবা অনুশোচনা? মই নাজানো মই কেনে আছোঁ! কি এক অদ্ভুত আত্মাভিমান লৈ বন্ধ কৰি দিছিলোঁ মোৰপৰা মোলৈ যাব পৰা সকলো দুৱাৰ! তেতিয়া নাছিল বহু কিবাকিবি। নথকাখিনিৰ অজুহাততেই আঁতৰি গ’লা। এতিয়া আছে আৰু থকাখিনিৰ অজুহাততে আমি আঁতৰি আছোঁ! নহয়নে? সপোনতে কেতিয়াবা একাত্ম হ’ব খোজা তোমাক হয়তো সেয়ে বিমুখ কৰোঁ মই। তথাপি কিয় জানো ভাব হয় তুমি একেই আছা!

ফাগুনৰ দুপৰীয়াবোৰ, চ’তৰ দুপৰীয়াবোৰ বৰ অবাধ্য! কেতিয়াবা তেনেকুৱা সময়তে সপোন কিছুমানে গজালি মেলে! ধপলিয়াই গৈ তোমাৰ কাষ পায়! আৰু... ...খালী জেপ লৈ তেতিয়া দেখা সপোনবোৰৰ দৰেই! যত চব বেকাৰ সপোনৰ টিঘিলঘিলনি!!

পত্নীয়ে বিচনাত বাগৰ সলাইছে। দিনটোৰ ঘৰুৱা জঞ্জাল সামৰি ভাগৰুৱা। টোপনিত লালকাল। সুন্দৰী পত্নী আৰু এহাল ল’ৰা-ছোৱালীৰ স’তে মোৰ সুখৰ সংসাৰ। বহুতৰে দৃষ্টিত এইয়া মোৰ ঈর্ষণীয় সৌভাগ্য।

মই এতিয়া সুখেৰে আছোঁ তোমাৰ দৰেই!! সলনি হৈয়ো আমি একেই হৈ আছোঁ কিজানি!


 (“পৰ জনমৰ শুভ লগনত যদিহে হয় আমাৰ দেখা,

পূৰাবানে প্রিয়ে এই জনমৰ মোৰ হিয়াৰ অপূর্ণ আশা”

তোমাকনো কি মিছা ক’ম কোৱা! ইটো জনমৰ বাবে, আচলতে আৰু সাত টা জনমৰ বাবে মই ‘বুকিং’ হৈ গ’লোঁ বেলেগৰ নামত তোমাৰ দৰেই!!!) :) :)

 

(২)

... আহিব না এদিন। ভগাই খাম এটা কিং চাইজ গ’ল্ড ফ্লেক্! ‘চাৰমিনাৰ’ৰ দিন হেনো এতিয়া নাই! ‘চাৰমিনাৰ’টো বাৰু এতিয়া দেউতাৰ দৰে গোন্ধাব নেকি? ... “গম কা খাজানা তেৰা ভি হ্যে মেৰা ভি হ্যে”

... নতুবা চুমুক দিম লাহে লাহে, দুই পেগ হুইস্কি ঢালি। আনে বেয়া বুলিলেও বোলক। ভালপোৱাৰ বাদে দুনীয়াত আৰু কি ভাল কাম আছে! ... “হৌচ ৱালো কো খবৰ ক্যা বেখুদি ক্যা চিজ হ্যে, ইষ্ক কিজিয়ে ফিৰ চমঝজিয়ে জিন্দেগী ক্যা চিজ হ্যে”

... জীৱন নো আৰু কি! এই আছে, এই নাই। এৰি অহাখিনিক পাহৰি এদিন মুকলি আকাশৰ তলত বহিলেই যেনিবা, আপোনাৰ ভালপোৱাখিনি মোৰ হৈ নাযায় তো! ... “তুম ইতনা জ’ মুস্কুৰা ৰহে হৌ, ক্যা হাল হ্যে ক্যা দিখা ৰহে হৌ”

... অন্য একো নাই অ’। আহিব। ক্ষন্তেকলৈ ভগাই ল’ম জীৱন! আপোনাৰ সময় অকণ নিজৰ কৰি লৈ ধৰুৱা হৈ থাকিম আপোনাৰ ওচৰত... জীৱনলৈ! ...“কঁহি কঁহি চে হৰ চেহৰা তুম জেইছা লগতা হ্যে, তুমকো ভুল না পায়েংগে হাম এইছা লগতা হ্যে”...........

... জীৱনে যদি দিয়ে জীৱন, জীৱন সপোনতকৈ ধুনীয়া, সবাতোকৈ ধুনীয়া......... “তুমকো দেখা তো য়ে খয়াল আয়া, জিন্দেগী ধুপ তু ঘনা ছায়া” ।।

 

Post a Comment

0 Comments