Thursday, 27 April 2017

অন্তিম চাহ কাপ

আপোনাৰ সৈতে মোৰ অন্তিম চাহ কাপ! (... সেই যে মছলা দিয়া চাহ কাপ!!)

ক’ৰপৰা জানো আৰম্ভণি কৰোঁ! শেষ নো ক’ত হৈছিল তাকেই পাহৰিলোঁ! দুৱৰি বন উঘালিবৰ দৰে এঠাইত ধৰি টান মাৰি দিছোঁ আৰু শিপাদাল আগুৱাই গৈ আছে এজোপা দুৱৰিৰ সৈতে আন এজোপা লগ হৈ দীঘল হৈ গৈ থকাৰ দৰে! শেষ কৰিবলৈ আৰু কিমান দূৰ আগুৱাব লাগিব সেই বিষয়েও মই নিশ্চিত নহয়! ঠিক চেঁচু বিচাৰি পমদালৰ পিছে পিছে মাটি খান্দি গৈ থকাৰ দৰে। (শেষ কৰিব বিচাৰিছো নে আৰম্ভণি, সেইয়াও যি নিশ্চিত নহয়!)

আচলতে কি জানে, শেষ কৰিম বুলিও শেষ কৰিব নোৱাৰা কথাবোৰৰ বাবেই পুনৰাই আৰম্ভ হয় নতুন কথাবোৰ। পুৰণি কথাবোৰেই কিজানি নতুন সাজ পিন্ধে! হয়তো এইয়াও মোৰ অজুহাতেই! (‘কিয়’ বুলি সুধিব জানো?)

কথাবোৰ দুপৰ টেঙাৰ পাতৰ দৰে!
নহয়নে?
শেষ বুলি পেলাই থ’লেও পাত একোখিলাৰ পৰাই জন্ম হয় অনেক পোখা! কথাবোৰো... কামিহাড়ে বেঢ়ি ৰখা এমুঠিমান মাটি(!) সেমেকিব আৰম্ভ কৰিলেই ঠন ধৰি উঠে পুনঃ! বুজিও ৰ’দক আঁতৰাই থোৱাটোও মোৰ অজুহাতেই কিজানি! (‘কিয়’, সেইয়া আপুনি বুজি পায়! নহয়নে?)

এনেকুৱাও হ’ব পাৰে__ আপোনাৰ ভাল লাগে দুপৰ টেঙা। মাজে মাজে দুই এখিলা পাত চিঙি পেলাই থয় আপোনাৰ পচন্দৰ ঠাইত। অথবা এনেকুৱাও হ’ব পাৰে__ শিপাৰে সৈতে উঘালি পেলাই দিলে আপুনি কেতিয়াও যাব নিবিচৰা কোনোবা বাৰীৰ চুকত নতুবা ৰ’দে পুৰি ছাই কৰি পেলাব পৰা ঠাইত! ভাল লগা কথাবোৰহে দুপৰ টেঙাৰ পুলি হ’ব পাৰে! নহয় জানো? (কি যে বেবেৰিবাং মোৰ কথা ন’?)

শীত কেতিয়া গুচি গ’ল গমেই নাপালো। শেৱালিৰ সুবাসো কতো নাপালো। ফাগুনৰ পচোৱাজনীও আহি গুচি গ’ল। পলাশ, শিমলুৰ ফালে মনেই কৰা নহ’ল। অথচ মদাৰৰ ৰঙবোৰ মোৰ কাষতে ঠিকেই দেখিলো। হয়তো ফুলিলো মদাৰৰ দৰে... মদাৰ হৈ! (আপুনি বোলে এইবাৰ এজোপা হাস্নাহানা ৰুইছে? নহয় বুলি নক’ব আক’ এতিয়া!)

“গছ হ’লে শিপা উঘাল খায়। কষ্ট হয়। মেটেকা হ’বলৈ শিকিব লাগে।” শিকো বুলিও বহুত কথাই শিকা নহ’ল জানে। নকৰো বুলিও কৰা কামবোৰ বাঢ়ি যোৱাৰ দৰে কৰিবলগীয়া অথচ নকৰা কামবোৰ কমি গ’ল। নতুনকৈ শিকিছো নিজক সামৰিবলৈ। শিকিছো নিজৰ তুচ্ছতাক মানি ল’বলৈ। (সন্মুখত আপুনি, মূৰ দাঙি স্বাভিমানেৰে ঠিয় হোৱা ওখ পর্বত!)

... এইয়া চাওক, আকৌ পাহৰিলো কি ক’ব খুজিছিলো! আচলতে কথাবোৰ কেতিয়াবা এনেকুৱা হয়__ আমি ক’ব খোজো কিবা এটা, কওঁ আন কিবা; বুজাব খোজো কিবা এটা, বুজে আন কিবা এটা! আপোনাৰ কেতিয়াবা এনেকুৱা হয়নে? (হয় বুলি জানো। এনেয়ে সুধিলো।)

কেতিয়াবা এনেকুৱা হয় নেকি আপোনাৰ__ দুৱাৰ মুখত অনুভৱ কৰে কাৰোবাৰ উপস্থিতি? শুনা পায় কাৰোবাৰ ভৰিৰ চিনাকী খোজ? অথচ দুৱাৰ খুলি দেখিছে সন্মুখত শূন্য কৰিড’ৰটোৰ বাদে কোনো নাই! (নহয় যেন লাগে। ওলোটাই মোক নুসুধিব দেই মোৰ তেনেকুৱা হয় নেকি বুলি।) চাৰপ্রাইজ!!

মন যায় জানে! মন যোৱাৰ নো আৰু কি আগ কি গুৰি! এতিয়া যদি বৰ লুইতত এটা জাপ, পিছ পাকতে হিমালয়ত গেৰুৱা বসন! ভৰ দুপৰীয়া যদি ‘গম কা খজানা’, দুপৰ ৰাতি ‘মাছলৈ গৈছিলোং’! কেতিয়াবা মন যায় ‘ৱাছিং পাউদাৰ নির্মা’ৰে গোটেইবোৰ ধুই-ধাই নিকা কৰি পেলাওঁ! হাঃ হাঃ হাঃ । ৰিস্ক ল’বলৈও যে কোনো নাই! (বলিয়ালিবোৰ জানো কেতিয়া এৰিব পাৰিম!)

ভাবো কেতিয়াবা। এই ভবা কামটোৱেই যি মই ভালকৈ কৰিব পাৰো চাগে’। (হাতে-কামে হ’লে একো নাই।) এইযে আমিবোৰ! মানুহ হ’বলৈ নিশিকিলো। নিজে কিবা কৰাতকৈ লুটি-পুতি, ঠগ-প্রৱঞ্চনা কৰি খাবলৈ শিকিলো। ওপৰলৈ উঠিব শিকিলো ঠিকেই পিছে কাৰোবাক লগতে লৈ নহয় কাৰোবাক গছকি থৈ হে। মানুহৰ বাবে আমি মানুহ হ’ব নিশিকিলো। কোনোবা যদি কলিতা হ’ল কোনোবা চুতীয়া, কোনোবা যদি আহোম হ’ল কোনোবা কোঁচ, কোনোবা যদি ব্রাক্ষ্মণ হ’ল কোনোবা কছাৰী, মিৰি, বড়ো, দফলা...! ফৰফৰাই ইংৰাজী ক’লে স্মার্ট!... আৰু কোনোবা ধেকেৰী হ’ল, গাঁৱলীয়া হ’ল, অকৰা হ’ল! চেহঃ! (ভাবিছে চাগৈ এইবোৰ কথা মোৰ মুখত শোভা নাপায়! জানো।)

এইয়া চাওঁক, আপোনাৰ খবৰেই সোধা নাই মই! কুশলে আছে নে? অৱশ্যে কেতিয়াবা মন থাকিলেও সোধা নহয়। ভয়তে। আপুনি যদি কৈ উঠে ‘এতিয়া মই ভীষণ ব্যস্ত জানা, খবৰ-বাতৰি পিছে পৰে হ’ব!’ হয়তো বুজিও নুবুজি অর্থহীন কথা কিছুমানে ভিৰ কৰিব! আৰু......! তাতোকৈ ভাবি লওঁ আপুনি কুশলে আছে, নেদেখা জনৰ আগত মূৰ দোৱাও সময়ক কুশলে ৰাখিবলৈ! এনেকৈয়ে দিনবোৰ পাৰ হয়। আজিৰ সময়ৰপৰা এৰি থৈ অহা কালিৰ দূৰত্ব বাঢ়ি গৈ থাকে। লাহে লাহে। সন্তপর্ণে। (বছৰবোৰো আগুৱাব এনেকৈয়ে! সময়ৰ বয়স হয়।)

কেতিয়াবা কি মন যায় জানে? (নক’লেনো বাৰু কেনেকৈ জানিব!) খং উঠিলে চিঞৰিবৰ মন যায়। দুখ লাগিলে সজোৰে কান্দিবৰ মন যায়। আৰু কেতিয়াবা খুউব কথা ক’বলৈ মন যায়! ...ওহোঁ, একোৱেই কৰা নহয়গৈ। মন গ’লেও যে কিছুমান কাম কৰিব নোৱাৰি। মন গ’লেও লুইতত জাপ দিব নোৱাৰাৰ দৰে ন’! হাঃ হাঃ হাঃ । (পাগল বুলি ভাবি নাহাঁহিব দেই এতিয়া।)

ৰে’ল এখন গুচি গ’ল এইমাত্র। ভাব হয় উকিটোৰ স’তে যেন ক্রমে আতৰি গুচি গৈ আছে কিবা এটা! আনফালে এম্বুলেঞ্চ এখন পাৰ হৈ গ’ল সশব্দে চাইৰেণ বজায়। বুকুখন ধপধপাই অজানিতে! এনেকুৱা সময়ত সৰুফুটীয়া মৰমলগা ছোৱালী এজনীলৈ বৰকৈ মনত পৰে। লগ পাইছিলো দোভাগ নিশা, হস্পাতালৰ আই চি ইউৰ লাউঞ্জত বহি থাকোতে। আগ বাঢ়ি আহি সুধিছিল “তোমালোকৰ কোন আছে বা?” দুই এটা কথা পাতি সহজ হৈছিল মোৰ সৈতে। পুৱতি নিশালৈ হুকহুকাই কান্দিছিল তাই। আগবাঢ়ি গৈ ওচৰতে নিৰৱে বহিছিলো। নাকৰ পানী উজাই উজাই তাই কৈছিল __ “জানে বা, বাবাৰ হাত-ভৰিকেইটা বান্ধি থৈছে বে’ডত! এক সপ্তাহ হৈ গ’ল, তেনেকৈয়ে আছে। হেৰাই গৈছে বা__ ঢোলত চাপৰ মৰা সেই বিহুৱা বাবা, গাঁৱত ভাওনা হ’লেই খোলটো লৈ নামঘৰলৈ ওলাই যোৱা বাবা! কি জানে বা, আচহুৱা দ্রেছ এটা পিন্ধি, মুখত মেক-আপ লৈ যেতিয়া বাবাই ভাওনাৰ আৰম্ভণিতে ‘সূত্রধাৰ’ৰ নাচ নাচে মই খুউব হাঁহো। ভাওনাৰ শেষত ভালেকেইদিনলৈ মই হাত-ভৰি জোকাৰি বাবাৰ আগত সূত্রৰ ভাও দি দেখুৱাও, বাবাই তেতিয়া মোক হাঁহে পাগলীজনী বুলি!”

তাই হাঁহিছিল কথা কৈ কৈ! বৰ অসহায় অনুভৱ কৰিছিলো। ফুটফুটীয়া বেলুন ফ্রক এটা পিন্ধি ময়ো গুচি গৈছিলো পথাৰৰ মাজে মাজে, বিলৰ পাৰে পাৰে দীঘল বাট এটাৰে দেউতাৰ আঙুলিত ধৰি... শৈশৱলৈ! লাহেকৈ তাইৰ মূৰত হাত বোলাই দিছিলো। ‘মৌনতাই শ্রেষ্ঠ ভাষা’ বুলি কোৱা কথাষাৰ চাগৈ মিলি পৰিছিল এইখিনিতে! (মৌনতাতকৈ স্পর্শই হে বেছি কথা কয় যেন বোধ হয় মোৰ!)

চাওঁকচোন কথাবোৰে কেনেকৈ পোখা মেলিছে! অথচ আপোনাক ক’ব খোজা কথাষাৰেই এতিয়ালৈ কোৱা হোৱা নাই। কি বা আছিল! পাহৰিলো! থাকক, কিছুমান কথা নোকোৱাকৈয়ে। কথাবোৰো এদিন এনেকৈয়ে নিৰৱ হৈ পৰিব। এইবোৰ একো নহয় হে, বয়স হৈছে গতিকে কথাবোৰ পাহৰা হৈছো। হাঃ হাঃ হাঃ । (আৰম্ভণি কৰিবলৈ শেষ হোৱাটো জৰুৰী।)

কবিতা শুনিব? আসঃ! কিমান দিন যে শুনা নাই সেই কবিতাবোৰ! প্রিয় গানবোৰ!
“... ভালপোৱাৰ বাবে শংখবোৰে আহি অপেক্ষা কৰে বালিচৰত,
ভালপোৱাৰ বিষাদৰ তৰা খহে ৰাতিৰ আকাশত,
ভালপোৱাৰ বাবে ঘৰৰ মূধচত জোনে কান্দে...
.............  ...........
... ভোকাতুৰ শিশুহঁতে ফালি পেলায় ফুটপাথত প্রেমৰ বৃহৎ কবিতা,
বেশ্যাবোৰে ভেঙুচালি কৰে ক্লীৱ দেউতাকহঁতক,
ভিক্ষাৰীবোৰে থুৱাই দিয়ে দেশৰ সংবিধানত...!”

“নাহোঁ বুলিয়েই নাহিলা, অহা হ’লে ভাল লাগিল হেঁতেন
নহা বাবে ৰৈ গ’ল আৰু এদিনৰ অপেক্ষাৰ অভিমানী উছাহ!
কাইলৈ দেওবাৰ আহিবা তো?
গুলপীয়া বেলিৰ বুৰুজত বহি কিছু কথা পাতিম, কিছু গুণগুণ।
...................
কাইলৈ দেওবাৰ
নাহোঁ বুলি নহাকৈ নাথাকিবা
ভালপোৱা জীৱনৰ ধ্রুপদী দুৱাৰ।
খিৰিকি খুলি খেলিম ৰৈ থকাৰ খেল... ।”

ভালেদিনৰ বিৰতিৰ পিছত শুনিলো প্রিয় কবিৰ কবিতা, এইয়াই শেষ! (শেষ বুলি আচলতে একো নাই।) তথাপিও শেষ হৈ আহিছে কিবা এটা। খুউব ধীৰে ধীৰে। যদিও এৰিব পৰা নাই সৰু সৰু কথাবোৰ ভগাই লোৱাৰ অভ্যাস, আয়াসতে ওফৰাই দিব পৰা হোৱাগৈ নাই উপেক্ষাবোৰ, তথাপি নতুনকৈ যেন শিকিছো গঢ় দিবলৈ কিছু অভ্যাস! অর্থহীন আৱেগৰ জোলোঙাটো খালী কৰি সামৰি থোৱাৰ অভ্যাস; মন গ’লেই নিজতে নিজক হেৰুৱাৰ অভ্যাস! (সেউজীয়া দলং খনেৰে আপুনি এদিন গুচি যাব হাস্নাহানাৰ সুবাসৰ পিছে পিছে... নতুন অভ্যাস এটাৰ দৰেই!)

কেৱল আহিবলগীয়া দিনবোৰলৈ বুলিয়েই নহয়, আপোনাৰ ‘আজি’লৈ শুভকামনাবোৰ সদায়েই থাকিব। হাস্নাহানাৰ সুবাসেৰে সুবাসিত হওঁক চৌপাশ। সন্মুখত আপোনাৰ প্রিয় ঋতুৰ সেউজীয়া আলিবাট!